" যদি আপোনাৰ একাউণ্ট SBI ত আছে তেন্তে এটা ডাঙৰ খবৰ আহিছে, এই সেৱাৰ সুবিধা কেনেকৈ লাভ কৰিব লাগে জানি লওক।

যদি আপোনাৰ একাউণ্ট SBI ত আছে তেন্তে এটা ডাঙৰ খবৰ আহিছে, এই সেৱাৰ সুবিধা কেনেকৈ লাভ কৰিব লাগে জানি লওক।

Unknown
0
ভাৰতীয় ষ্টেট বেংকে অসহায় গ্ৰাহকক যথেষ্ট সুবিধা প্ৰদান কৰিবলৈ ওলাইছে। তেওঁলোকৰ ঘৰতে বহু গুৰুত্বপূৰ্ণ সেৱা আগবঢ়াব বেংকটোৱে। স্বয়ং এছ বি আইৰ অধ্যক্ষ দীনেশ খাৰাই এই তথ্য দিছে।

ভাৰতীয় ষ্টেট বেংকে গ্ৰাহকৰ বাবে মুকলি কৰিছে ‘মোবাইল হেণ্ডহেল্ড ডিভাইচ’। ম’বাইল হেণ্ডহেল্ড ডিভাইচৰ জৰিয়তে পোনপটীয়াকৈ গ্ৰাহকৰ দুৱাৰমুখত কিয়স্ক বেংকিং যোগান ধৰা হ’ব। ইয়াৰ দ্বাৰা কাষ্টমাৰ চাৰ্ভিচ পইণ্ট (চিএছপি) এজেণ্টসকলে উন্নত ধৰণে কাম কৰাত সহায় কৰিব। এই ডিভাইচৰ জৰিয়তে এজেণ্টসকলে গ্ৰাহকৰ ওচৰলৈ সহজে যোগাযোগ কৰিব পাৰিব। এই পদক্ষেপে বিশেষকৈ স্বাস্থ্যজনিত সমস্যাৰ বাবে চি এছ পি আউটলেটত প্ৰৱেশৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা গ্ৰাহক, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলক উপকৃত কৰিব। অৱশ্যে সাধাৰণ এছ বি আই গ্ৰাহকসকলেও এই সেৱাৰ সুবিধা লাভ কৰিব পাৰিব। ইয়াৰ অধীনত গ্ৰাহকে ঘৰতে বহি ধন উলিয়াব আৰু জমা কৰিব পাৰিব। এছ বি আইৰ মোবাইল হেণ্ডহেল্ড ডিভাইচৰ পৰা আৰম্ভ হৈছে ৫টা সেৱা। এই তথ্য দিছে এছ বি আইৰ অধ্যক্ষ দীনেশ খাৰাই। তেওঁ কয় যে এই পদক্ষেপৰ উদ্দেশ্য হৈছে বিত্তীয় অন্তৰ্ভুক্তি শক্তিশালী কৰা আৰু সাধাৰণ জনতাক অত্যাৱশ্যকীয় বেংকিং সেৱা প্ৰদান কৰা। এই পদক্ষেপ বেংক সেৱা লাভ কৰাৰ ক্ষেত্ৰত সুলভতা আৰু সুবিধা বৃদ্ধিৰ অংশ। এই পদক্ষেপে ‘কিঅ’স্ক বেংকিং’ক পোনে পোনে গ্ৰাহকৰ দুৱাৰমুখলৈ লৈ আনে।

কোন কোন গ্ৰাহকে এই সেৱাৰ সুবিধা ল’ব পাৰিব

 বেংকে দিয়া তথ্য অনুসৰি যিকোনো ৰোগত আক্ৰান্ত সাধাৰণ গ্ৰাহককে ধৰি সেইসকল গ্ৰাহকৰ বাবে এই সেৱা উপলব্ধ হ’ব। ইয়াৰ লগতে জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম লোকসকলেও এই সেৱাৰ সুবিধা লাভ কৰিব। ভাৰতীয় ষ্টেট বেংকে গ্ৰাহকসকলক তেওঁলোকৰ দুৱাৰমুখতে বেংকিং সুবিধা প্ৰদানৰ বাবে পদক্ষেপ গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে। ইয়াৰ অধীনত বেংকে গ্ৰাহকক লঘু যন্ত্ৰৰ প্ৰৱৰ্তন কৰিছে যাৰ জৰিয়তে বিভিন্ন বেংকিং সেৱাৰ সুবিধা ল’ব পৰা যাব। এছ বি আইৰ অধ্যক্ষ দীনেশ খাৰাই কয় যে ই গ্ৰাহক সেৱা কেন্দ্ৰ (চি এছ পি)ৰ এজেণ্টসকলক অধিক নমনীয়তা প্ৰদান কৰে, যাৰ ফলত তেওঁলোকে গ্ৰাহক, বিশেষকৈ স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হোৱা, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম লোকসকলৰ কাষ চাপিবলৈ সহায় কৰিব।

Post a Comment

0Comments
Post a Comment (0)