সৰিয়হত থকা কিছুমান ঔষধি গুণ এনেধৰণৰ-
*সৰিয়হ মিহিকৈ পিহি শালমইনা হোৱা স্থানত লগালে শালমইনাৰ দাগ আঁতৰে।
*ক’লা সৰিয়হৰ আঞ্জা কুষ্ঠ ৰোগীৰ বাবে উপকাৰী।
*গোধ ৰোগত বগা সৰিয়হ আৰু চজিনা গছৰ ছাল মিহিকৈ পিহি লগালে ৰোগ সোনকালে নিৰাময় হয়।
*কিছুমান ছোৱালীৰ মাহেকীয়া হোৱাৰ সময়ত পেটৰ বিষ হয়। সৰিয়হ পিহি গৰম কৰি পেটত লগালে আৰাম পোৱা যায়।
*দাঁতত হালধীয়া দাগ পৰিলে নিমখ, চৌদাখাৰ, নেমু টেঙাৰ ৰস আৰু সৰিয়হ তেল মিহলাই ঘঁহিলে পৰিষ্কাৰ হয়।
*নহৰু আৰু সৰিয়হ তেল মিহলাই মালিচ কৰিলে বাত বিষত আৰাম পোৱা যায়।
*টোপনি কম হ’লে নেমুৰ ৰস আৰু সৰিয়হ তেল ভৰিত ঘঁহিলে টোপনি ভাল হয়।
*কেতিয়াবা চূণে ডাকে। তেতিয়া সৰিয়হৰ তেল ডকা অংশত লগালে আৰাম পোৱা যায়।
*গা ধোৱাৰ সময়ত জাৰকালি কেঁচা সৰিয়হৰ তেলেৰে মালিচ কৰি গা ধুলে ঠাণ্ডা লগাৰ ভয় নাথাকে।
*মিঠাতেলৰ চাকি জ্বলাই অলপ জ্বলোতেই শলিতাডাল নুমাই গৰম তেল নখত দিলে নখচুকীয়া ৰোগ ভাল হয়।
*তলপেটত মিঠাতেলেৰে মালিচ কৰিলে শৌচ খোলোচা হয়।