যৌৱন ধৰি ৰখাৰ যাদু–মন্ত্ৰ আছে কিচমিচত! নিশাটোৰ ভিতৰতে পাব ফল! জানি লওক ইয়াৰ পদ্ধতি

Raju Gogoi
0
1) বয়স ধৰিব নোৱাৰিব কোনেও। কিচমিচৰ এই বিশেষ গুণ জানেনে? ছালত লগালেই সলনি হৈ পৰিব ৰূপ। যৌৱন ধৰি ৰখাৰ যাদু–মন্ত্ৰ!


2) ছালৰ সমস্যাত ভুগিছে নেকি? ব্ৰন, ক’লা দাগ? বয়সৰ চাপ পৰিছে নেকি মুখত? আপোনাৰ হাতৰ ওচৰতে এনে এক উপাদান আছে যাৰ জৰিয়তে আপুনি কেইটামান দিনৰ ভিতৰতে সুন্দৰ হৈ উঠিব পাৰে 


3) সেই বিশেষ উপাদানটো হ’ল কিচমিচ। ঘৰত প্ৰায় সকলোৰে কিচমিচ থাকে। কিন্তু জানেনে ই ছালৰ যত্নৰ বাবেও অতি উপকাৰী। জানি লওক পদ্ধতি কিচমিচত আছে ভিটামিন আৰু খনিজ যিয়ে আপোনাৰ শৰীৰক শক্তি দিয়াৰ লগতে ইয়াৰ এণ্টি অক্সিডেণ্টে ছালৰ যত্নত সুন্দৰ কাম কৰে! তাৰ উপৰি কিচমিচত আছে ভিটামিন চি, যি ছালৰ কোলাজেন বৃদ্ধি কৰি ছালক নিমজ কৰে! জানি লওক কিচমিচৰ জৰিয়তে কিদৰে ছালৰ যতন ল’ব 



4) কিচমিচৰ ভিটামিন ই ছালক ক্ষতিকাৰক ইউভি ৰশ্মিৰ পৰা বচায়! ভিতৰৰ পৰা ছালৰ আদ্ৰতা বজাই ৰাখে। ঘৰতে সহজতে বনাওক এই পেক। 


5) কিচমিচ পানীত তিয়াই ৰাখক ৩০ মিনিট। সেয়া ভালকৈ ভিজি গ’লে পেষ্ট বনাই মুখত লগাওক। ১৫ মিনিট পিছত পানীৰে ধুই পেলাওক। নিজেই দেখিব পৰিৱৰ্তন! 


6) পানীত কিচমিচ দি ১০ মিনিট উতলাওক। তাৰ পিছত পানীখিনি চোকি লৈ ঠাণ্ডা হ’বলৈ দিয়ক। টোনাৰ হিচাপে দিনত তিনিৰ পৰা চাৰিবাৰ ব্যৱহাৰ কৰক 


7) কিচমিচৰ সৈতে আধা চামুচ মৌ আৰু ওটমিল মিহলাই পেষ্ট বনাই লওক। এতিয়া এই পেষ্টেৰে মুখত স্ক্ৰাব কৰক। দৈনিক গা ধোৱাৰ আগত কৰক এই কাম। শীঘ্ৰে ফলাফল লাভ কৰিব 


8) আলমণ্ড বাদাম তেলত ১০০ গ্ৰাম কিচমিচ তিয়াই ৰাখক। দুসপ্তাহ ভিজিবলৈ দিয়ক। ইয়াৰ পিছত চেকি লওক। এই তেল মুখত লগাওক দিনত দুবাৰ। মইশ্বাৰাইজাৰৰ কাম কৰিব এই তেলে। ছাল হ’ব টনটনীয়া।


Post a Comment

0Comments
Post a Comment (0)