মেষ ৰাশি
আপুনি সমগ্ৰ দিনটো মানসিক আৰু শাৰীৰিক ভাগৰ অনুভৱ কৰিব। পৰিশ্ৰমৰ তুলনাত সফলতা কম পোৱাৰ বাবে নিৰাশ হ’ব পাৰে। চাকৰি আৰু ব্যৱসায়ক লৈ চিন্তি হ’ব কিছু। কামৰ হেঁচাত পৰিয়ালক গুৰুত্ব দিবলৈ সময় নাপাব। আজি যাত্ৰা নকৰা ভাল। শাৰীৰিক সমস্যা হ’ব পাৰে। আপোনাৰ ব্যৱহাৰে কাৰোবাক আঘাত দিব পাৰে।
বৃষ ৰাশি
আজি আপুনি সকলো কাম দৃঢ় আত্মবিশ্বাস আৰু মনোবলেৰে সম্পূৰ্ণ কৰিব। সফলতা লাভ কৰিব। পিতৃৰ ফালৰ পৰা লাভৱান হ’ব। বিদ্যাৰ্থীসকলে পঢ়াত ভাল প্ৰদৰ্শন কৰিব। সন্তানৰ অধ্যয়ন বা আন বিষয়ত ধন খৰচ বা পুঁজি বিনিয়োগ হ’ব। শিল্পী তথা খেলুৱৈৰ প্ৰতিভা দেখুওৱাৰ উত্তম সময়। চৰকাৰৰ পৰা লাভ হ’ব।
মিথুন ৰাশি
নতুন পৰিকল্পনা আৰম্ভ কৰাৰ বাবে আজিৰ দিনটো অনুকূল। ব্যৱসায় কৰাসকলে চৰকাৰৰ ফালৰ পৰা লাভ পোৱাৰ আৰু চাকৰিজীৱীসকলে উচ্চপদস্থ বিষয়াৰ কৃপাদৃষ্টি লাভ কৰিব। ভাই–বন্ধু আৰু প্ৰতিবেশীৰ সৈতে সম্পৰ্ক ভাল হ’ব। শাৰীৰিক তথা মানসিক স্বাস্থ্য ভাল। দীঘলীয়া যাত্ৰাৰ আয়োজন হ’ব পাৰে। বিৰোধীৰ বিৰুদ্ধে বিজয় হ’ব।
কৰ্কট ৰাশি
আজি আপুনি শাৰীৰিক আৰু মানসিক অসুস্থতা অনুভৱ কৰিব। পৰিণামস্বৰূপে মনত নেতিবাচক ধাৰণাৰ সৃষ্টি হ’ব পাৰে। কাৰোবাৰ সৈতে ভুল বুজাবুজি হোৱাৰ ফলত মতভেদ হ’ব পাৰে। পাৰিবাৰিক বাতাবৰণ বেয়া হ’ব পাৰে। বিদ্যাৰ্থীসকলৰ পঢ়া–শুনাত সমস্যা হ’ব। অত্যধিক খৰচ হ’ব।
সিংহ ৰাশি
ভৰপূৰ আত্মবিশ্বাস আৰু দৃঢ় নিৰ্ণয়ৰ বাবে আজি আপুনি কোনো কাম তাৎক্ষণিক সিদ্ধান্ত লৈ সম্পূৰ্ণ কৰিব পাৰিব। সমাজত মান–প্ৰতিষ্ঠা বৃদ্ধি পাব। পিতৃ তথা অভিভাৱকৰ সহযোগ পাব। মন আনন্দিত হৈ থাকিব। আপোনাৰ কথাত যাতে উগ্ৰতা প্ৰকাশ নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখিব। বৈবাহিক জীৱনত প্ৰেম থাকিব। স্বাস্থ্য সম্পৰ্কীয় সাধাৰণ সমস্যা থাকিব।
কন্যা ৰাশি
শাৰীৰিক অসুস্থতাৰ সৈতে মানসিক চিন্তা বৃদ্ধি পাব। চকুৰ সমস্যা হ’ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ সৈতে মতভেদ হ’ব পাৰে। কাৰোবাৰ সৈতে কাজিয়া হ’ব পাৰে। আকস্মিকভাৱে ধন খৰচ হ’ব পাৰে। চাকৰি কৰা লোকসকলে নিজৰ অধীনস্থ লোকৰ পৰা সাৱধানে থাকক। ক’ৰ্ট–কাছাৰীৰ কাম আজি নকৰা ভাল।
তুলা ৰাশি
আজি বিভিন্ন ক্ষেত্ৰত লাভৱান হোৱাৰ ফলত আপোনাৰ শাৰীৰিক আৰু মানসিকভাৱে আনন্দিত হ’ব। বন্ধুৰ সৈতে সাক্ষাৎ, সুন্দৰ স্থানলৈ ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা হ’ব পাৰে। ঘৰুৱা জীৱনত সুখ–শান্তিৰ পৰিৱেশ থাকিব। বন্ধুৰ সৈতে সাক্ষাৎ হ’ব। আয় বৃদ্ধি পাব। উত্তম বৈবাহিক সুখ প্ৰাপ্ত হ’ব। অবিবাহিত লোকসকলৰ সম্পৰ্ক নিশ্চিত হোৱাৰ সম্ভাৱনা আছে।
বৃশ্চিক ৰাশি
আজি আপোনাৰ প্ৰতিটো কাম নিৰ্বিঘ্নে সম্পূৰ্ণ কৰিব পাৰিব। গৃহস্থী জীৱনত আনন্দ। মান প্ৰতিষ্ঠান বৃদ্ধি পাব। চাকৰি–ব্যৱসায়ত উন্নতি। ধন লাভ হ’ব। ধাৰলৈ দিয়া টকা ঘূৰাই পাব। সন্তানৰ উন্নতিত মন সুখী হ’ব। শাৰীৰিক স্বাস্থ্য ভাল। বন্ধু–আত্মীয়ৰ পৰা সহযোগ লাভ কৰিব।
ধনু ৰাশি
শৰীৰত সামান্য অসুস্থতা অনুভৱ কৰিব। স্বাস্থ্য ভাল–বেয়াৰ মাজত থাকিব। মনত চিন্তা থাকিব। আজি যাত্ৰা স্থগিত ৰখা ভাল। সন্তানৰ বিষয়ত চিন্তা থাকিব। ভাগ্যই সংগ নিদিয়া যেন অনুভৱ হ’ব। চাকৰি–ব্যৱসায়ত উচ্চপদস্থ বিষয়া বা অংশীদাৰীৰ ক্ৰোধৰ চিকাৰ হ’ব পাৰে। বিৰোধীৰ সৈতে বিবাদ এৰাই চলক।
মকৰ ৰাশি
খোৱা–লোৱাত গুৰুত্ব নিদিয়াৰ ফলত আজি স্বাস্থ্য বেয়া হোৱাৰ সম্ভাৱনা আছে। ৰোগীৰ চিকিৎসা, ভ্ৰমণ আদিৰ নামত ধন খৰচ হ’ব। নেতিবাচক চিন্তা আৰু খং এৰাই চলিলে বহু সমস্যাৰ পৰা মুক্তি পাব। অংশীদাৰীৰ সৈতে মতভেদ হ’ব। চাকৰি–ব্যৱসায়ৰ ক্ষেত্ৰত প্ৰতিকূল বাতাৱৰণ থাকিব। নতুন সম্পৰ্ক স্থাপন কৰাৰ সময়ত সাৱধান হওক।
কুম্ভ ৰাশি
আত্মবিশ্বাস আৰু দৃঢ় মনোবলৰ সৈতে প্ৰেম আৰু ৰোমাঞ্চে আপোনাৰ আজিৰ দিনটো সুন্দৰ কৰি তুলিব। নতুন মানুহৰ সৈতে পৰিচয় আৰু বন্ধুত্ব হ’ব। আনন্দদায়ক ভ্ৰমণ আৰু সুন্দৰ খাদ্য, নতুন বস্ত্ৰই আপোনাৰ মন আনন্দিত কৰিব। ৰাজহুৱাভাৱে মান–সন্মান বৃদ্ধি হ’ব। বৈবাহিক সুখ।
ৰ্মীন ৰাশি
ঘৰত সুখ–শান্তি আৰু আনন্দৰ বাতাবৰণ থাকিব। আপোনাৰ দৈনিক কাম আত্মবিশ্বাসেৰে কৰিব পাৰিব। আপোনাৰ কথা আৰু খং নিয়ন্ত্ৰণ কৰিব লাগিব। চাকৰিত সহকৰ্মী আৰু অধীনস্থ ব্যক্তিৰ সহযোগ পাব। স্বাস্থ্য ভাল। পৰিয়ালত আনন্দৰ পৰিৱেশ থাকিব।