" আপুনি এই কাম কৰিলেনে ....এইটো কাম কৰিলেহে পাব টকা

আপুনি এই কাম কৰিলেনে ....এইটো কাম কৰিলেহে পাব টকা

Unknown
0
ৰাজ্যত শক্তিশালী ঔদ্যোগিক বাতাবৰণ সৃষ্টিৰ লগতে ২ লাখ নিবনুৱাক আত্মসংস্থাপনৰ সুবিধা প্ৰদানৰ কাৰণে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান ২০২৩ৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্রীয়ে লগতে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান ২০২৩ৰ পঞ্জীয়ন পর্টেলো মুকলি কৰে। এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্রীয়ে কয় যে, এই আঁচনিৰ জৰিয়তে গ্রাম্য অৰ্থনীতিৰ ওপৰত 
অধিক গুৰুত্ব প্রদান কৰা হৈছে। বেংকৰ সংযোগৰ জৰিয়তে মূলধনৰ পৰিমাণ বৃদ্ধি কৰাকে ধৰি বিভিন্ন বিষয় এই আঁচনিখনৰ অন্তৰ্ভুক্ত কৰা হৈছে বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে। তেওঁ কয় যে, এই আঁচনিৰ অধীনত নিবনুৱা যুৱক- যুৱতীসকলক দুটা শাখাত ভাগ কৰা হৈছে। মুখ্যমন্ত্রীয়ে কয় যে অভিযান্ত্রিক কৃষি, পশুপালন, মীন আদি পেছাদাৰী পাঠ্যক্ৰমৰ স্নাতক ডিগ্রী লাভ কৰা নিবনুৱাসকলক প্রথমটো শাখাত অন্তর্ভুক্ত কৰি পাঁচ লাখকৈ টকা প্রদান কৰাৰ বিপৰীতে ডিপ্লমা, আই টি আই আদিৰ লগতে সাধাৰণ শ্ৰেণীৰ নিবনুৱাসকলক দ্বিতীয়টো শাখাত অন্তর্ভুক্ত কৰি দুই লাখকৈ টকা প্রদান কৰা হ'ব। মুখ্যমন্ত্রীয়ে কয় যে, প্রথম শাখাৰ নিবনুৱাসকলক ৫ লাখ টকা দুটা কিস্তিত প্ৰদান কৰা হ'ব আৰু ইয়াৰে আঢ়ৈ লাখ টকা সম্পূর্ণ অনুদান হিচাপে বাকী আঢ়ৈ লাখ টকা সুত বিহীন চৰকাৰী ঋণ হিচাপে লাভ কৰিব। আনহাতে দ্বিতীয় শাখাৰ
Online link- https://cmaaa.assam.gov.in
এই লিংকত ক্লিক কৰক

 নিবনুৱাসকলক দুই লাখ টকা দুটা কিস্তিত আগবঢ়োৱা হ'ব আৰু ইয়াৰে এক লাখ টকা সম্পূর্ণ অনুদান হিচাপে আৰু বাকী এক লাখ টকা সুত বিহীন চৰকাৰী ঋণ হিচাপে আগবঢ়োৱা হ'ব। আনহাতে কালি মুকলি কৰা পৰ্টেলটোত অহা ৪৫ দিনলৈ প্ৰাৰ্থীসকলৰ নাম পঞ্জীয়ন চলিব বুলি মুখ্যমন্ত্রীয়ে প্রকাশ কৰে। এই আঁচনিত নাম পঞ্জীয়ন কৰিবলৈ আবেদনকাৰীৰ বয়সৰ ন্যূনতম সীমা ২৮ বছৰ ধাৰ্য কৰাৰ বিপৰীতে বয়সৰ উচ্চ সীমা সাধাৰণ শ্রেণীৰ বাবে ৪০ বছৰ আৰু অনুসূচিত জাতি-অনুসূচিত জনজাতি তথা অন্যান্য পিছপৰা শ্ৰেণীৰ ক্ষেত্ৰত ২৮ বছৰ ধাৰ্য কৰা হৈছে। এই আঁচনিৰ বাবে আবেদন কৰিব খোজা প্রার্থীসকলৰ নাম নিয়োগ বিনিময় কেন্দ্রত পঞ্জীয়নভুক্ত হোৱাৰ লগতে তেওঁলোকৰ চলিত বৰ্ষৰ ৩১ ডিচেম্বৰৰ আগতে খোলা বেংক একাউন্ট থাকিব লাগিব বুলি মুখ্যমন্ত্রীয়ে প্রকাশ কৰে। এই আঁচনিৰ অধীনত বাছনিভুক্ত হোৱা প্রার্থীসকলক বিভিন্ন বিষয়ত প্রশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্রীয়ে প্রকাশ কৰে। আনহাতে যিসকল প্রার্থীয়ে প্রথম কিস্তিৰ ধন লৈ অপব্যৱহাৰ কৰিব সেইসকলক ভবিষ্যতে চৰকাৰী চাকৰি আদিৰ বাবে অযোগ্য বিবেচনা কৰা হ'ব বুলি মুখ্যমন্ত্রীয়ে প্রকাশ কৰে।





Post a Comment

0Comments
Post a Comment (0)