পাৰ্শ্বক্ৰিয়াসমূহ হ’ল-
১) পাকস্থলীত গৰম অনুভৱ কৰা, গেষ্ট্ৰাইটিছ, বমি, ওকালি আদি হোৱা। সংবেদনশীল ছালত মিঠাতেল সানিলে জ্বলা-পোৰা অনুভৱ আৰু পানী জ্বলা উঠিব পাৰে।
২) কিডনিৰ পাথৰৰ অসুখত ভোগা লোকে মিঠাতেল কমকৈ সেৱন কৰিব।
৩) মিঠাতেলত থকা অক্সালেটে কেলছিয়ামৰ মেটাবলিজিমত অহিতকাৰী প্ৰভাৱ পেলাব পাৰে।
৪) থায়ৰইড হৰমনৰ অসুখত ভোগা ব্যক্তিসকলে কেঁচা মিঠাতেল নাখাব। কেঁচা মিঠাতেলত গৰল কৰিব পৰা তত্ত্ব (Goitrogen) থাকিব পাৰে। মিঠাতেল তপতালে সেই অৱগুণ যায়।
৫) কম বা উচিত পৰিমাণত মিঠাতেল গৰ্ভৱতী মহিলাৰ স্বাস্থ্যৰ বাবে হিতকাৰী। কিন্তু অত্যধিক মাত্ৰাৰ সেৱনে গৰ্ভপাত পৰ্যন্ত কৰিব পাৰে।
মোখনিত ইমানেই কম যে সৰিয়হ হ’ল আমাৰ বাবে প্ৰকৃতিৰ এক অমূল্য বৰদান। স্বাস্থ্য ৰক্ষাত ইয়াৰ অপৰিসীম ভূমিকা পাঠকসকলে কিছু পৰিমাণে হ’লেও অৱগত হ’ল। ব্যৱসায়িক ভিত্তিত সৰিয়হ খেতি সদায় লাভজনক স্থিতিত থাকে। প্ৰয়োজন মাথোঁ অপকাৰী কীট-পতংগৰ পৰা খেতিডৰাক সুৰক্ষা দি প্ৰতিপালন কৰাৰ।