" তেজপাতৰ ঔষধি গুণ সমুহ জানেনে?

তেজপাতৰ ঔষধি গুণ সমুহ জানেনে?

Unknown
0
⚫তেজপাতে পাচন তন্ত্ৰ সৱল কৰে ,বদহজম, বেয়া উগাৰ অহা ,অৰুচী,আদি দুৰ কৰে । পেটৰ মন্দাগ্নি, গেচ (বায়ু) পিত্ত , দুৰ কৰাৰ লগতে অখাদ্য গ্ৰহনৰ পৰা হবলগা ৰোগ প্ৰতিৰোধ কৰে ।
⚫বহুমুত্ৰ ৰোগীৰ বাবে তেজপাত অতি উপকাৰী ।

⚫তেজপাত সিজোৱা পানীত আদা ,সন্ধা নিমখ বা ক’লা নিমখ দি খাব ।

⚫কাহ চৰ্দি হাপানি , স্বৰভংগ (মাতভঙা) এলাৰ্জী ৰোগত তেজপাত , তুলসী, আদা বা শোথ ,পিপলী ,গুড় বা চেনী সহ বেচিকৈ উতলাই চাহৰ নিচিনা দিনে দুই তিনি বাৰ খালে উপসম হয় 
⚫কিডনী ৰ ৰোগ বা পাথৰী ৰোগত তেজপাতৰ চাহ বা উতলোৱা পানী খোৱাতো উপকাৰী ।
⚫তেজপাত ভিজোৱা পানীৰে চকু ধুলে জলা পোৰা ভাল হয় ।

⚫দাঁতৰ ৰোগত সিজোৱা পানীৰে কুলু কুলু কৰিলে দাঁতৰ ৰোগ নিৰাময় হয় ।

⚫হৃদয় ৰোগ বা হৃদ যন্ত্ৰ দুৰ্বল বা বুকুৰ ধপধপনি কৰা, সোনকালে ভাগৰি যোৱা ব্যক্তিৰ বাবে তেজপাত যথেষ্ঠ উপকাৰী
অনিদ্ৰা ৰোগত তেজপাতৰ ব্যৱহাৰ অতি উত্তম ।

⚫মুৰৰ বিষ , গাথিবিষ’ বা অন্নান্য বিষত তেজপাতৰ চাহ খোৱাৰ লগতে তেজপাত আৰু এৰাপাত বতি লেপ লগালে উপসম হয় ।

⚫চুলিৰ নানা সমস্যা ওকনী আদিতো তেজপাতৰ ৰস বা উতলোৱা পানী সানি কিছুসময় বান্ধি ৰাখিলে সমস্যা দুৰ হয়

⚫তেজপাত উতলোৱা পানী চতিয়ালে কীটপতঙ্গ কমে । বায়ু বিশুদ্ধ কৰে

Post a Comment

0Comments
Post a Comment (0)