লেজিনেচ বা আলস্যতা বা নিস্ক্ৰিয়তা আতৰাব হ’লে প্ৰথমে দুটামান কথা আপুনি মন কৰিব লাগিব৷ এনে এলাহ ভাব আতৰোৱাৰ দুটামান কামত অহা উপায় হ’ল এনে-
আপুনি যি ভাবিছে সেয়া শুদ্ধনে?
আপুনি যে নিজকে লেজি বা এলেহুৱা বুলি ভাবিছে বা সেয়া শুদ্ধনে? কোনোবাই আপোনাক এলেহুৱা বুলি কৈছিল বাবে আপুনি সেয়া ধৰি লৈছে নেকি?৷ আপুনি যদি নিজে নিজকে এলেহুৱা বুলি স্বীকাৰ কৰি লৈছে সেইবাবেই হয়তো আপুনি সদায় এলেহুৱা যেন অনুভৱ কৰে৷ কিন্তু আপুনি দৰাচলতে এলেহুৱা হয়নে? নে আপুনি কাম নকৰাৰ কিবা আন কাৰণহে আছে?
এটা সৰু উদাহৰণ লও আহক৷ আপুনি জানে যে প্ৰতিদিনে ৰাতিপুৱা এক্সাচাইজ কৰাটো খুব ভাল কথা৷ ই আপোনাক বহুকেইটা শাৰীৰিক আৰু মানসিক লাভ দিয়ে৷ আপুনি সদায় ভাবে যে ৰাতিপুৱা উঠি এক্সাচাইজ কৰিম, কিন্তু সেয়া কৰাহে হৈ নুঠে৷ আপোনাৰ ঘৰৰ মানুহে আপোনাক লেজি বুলি কয়৷ কিন্তু সেয়া অকল আপুনি লেজি কাৰণেহে হ’ব পাৰে নে? তাৰ অইন কাৰণ থাকিব নোৱাৰে নে কি? তেনে আপোনাৰ নিয়মানুৱর্তিতা নাই কাৰণেও হ’ব পাৰে৷ আপুনি যদি নিজকে কাম এটা কৰিবলৈ জোৰ কৰিব নোৱাৰে, বাধ্য কৰিব নোৱাৰে তেতিয়াও তেনে হ’ব পাৰে৷ গতিকে নিজৰ ওপৰত নিয়ন্ত্ৰণ আনিলে আপুনি প্ৰতিদিনে এক্সাচাইজ কৰিব পাৰিব৷
উদ্দেশ্য
আপোনাৰ নিজকে এলেহুৱা যেন লগাৰ আন এটা কাৰণ হ’ল আপোনাৰ কোনো উদ্দেশ্য বা কাৰণ নাই৷ আপুনি কাম এটা কৰাৰ কোনো কাৰণ আপোনাৰ যদি নাই, তেনেহ’লে আপোনাৰ কামটো কৰিবলৈ মন নোযোৱাৰ আৰু এলাহ এলাহ ভাব হোৱাটো কোনো ডাঙৰ কথা নহয়৷ আপোনাৰ যেতিয়াই কাম এটা কৰাৰ সময়ত এলাহ লাগে তেতিয়া ভালদৰে চিন্তা কৰি চাবচোন, সেই কামটো কৰিবলৈ আপুনি কিবা কাৰণ বিচাৰি পাইছেনে?
সেয়ে আপোনাৰ জীৱনৰ উদ্দেশ্য এটাৰ বৰ প্ৰয়োজন জীৱনত এলেহুৱা হৈ নপৰিবৰ বাবে৷ তেনেদৰে কাম এটা কৰাৰ সময়ত তাৰ উদ্দেশ্য বা কামটো কৰাৰ কাৰণ এটা থাকিলে আপোনাৰ কামটো কৰিবলৈ মনো যাব আৰু কামটো ভালদৰে হ’বও৷
এক্সাচাইজ
প্ৰতিদিনে আপুনি এক্সাচাইজ কৰিলে ই আপোনাৰ শক্তি বঢ়াব, মেটাবলিজম বঢ়াব আৰু লগতে আপোনাৰ টোপনি আগতকৈ ভাল হ’ব৷ আপোনাৰ ভাগৰ লাগি থকা ভাবটো ই নোহোৱা কৰিব৷ আপুনি যদি শক্তি কম বাবে বা ভাগৰ লাগি থকা বাবে অনবৰতে এলেহুৱা যেন অনুভৱ কৰি থাকে তেনেহ’লে এক্সাচাইজ কৰিলে ই আপোনাৰ লেজি ভাবটো নোহোৱা কৰিব৷ এক্সাচাইজ কৰিলে আপোনাৰ মনৰ পজিটিভ শক্তিও বাঢ়ে, তেতিয়া আপুনি নিজৰ মনটোক বেছি ভালদৰে নিয়ন্ত্ৰণ কৰিব পাৰিব৷ লগতে এক্সাচাইজ নিয়মীয়াকৈ কৰি থাকিলে মনত এলাহ এলাহ ভাৱ হোৱাৰ সলনি আপোনাৰ মনত নানা পজিটিভ ভাৱহে আহিব৷
পৰিকল্পনা
এলাহক আতৰাই ৰাখিবৰ বাবে আপুনি আপোনাৰ দিনটো সম্পূর্ণ ৰূপে প্লেন বা পৰিকল্পনা কৰি ল’ব লাগিব৷ আমাৰ এলাহ লগাৰ আন এটা কাৰণ হ’ল আমাৰ দিনটোৰ বাবে কোনো পৰিকল্পনা নাই, কোনো ৰুটিন নাই৷ আপুনি দিনটো কেতিয়া কি কৰিব, কোনটো কামৰ পিছত কি কাম কৰিব, কোনটো কাম কিমান সময়ত শেষ কৰিব সেয়া যদি ঠিক কৰি লয় আৰু সেই পৰিকল্পনামতে কাম হৈছে নে নাই সেয়া যদি লক্ষ্য কৰি থাকে তেতিয়া এলাহে আপোনাৰ বাট ভেটি ধৰিবলৈ সময়ে নাপাব৷ তেতিয়া এলাহে আপোনাক অসুবিধাত পেলাব নোৱাৰে৷
Self control
যদি কেতিয়াবা এলাহ লাগেও তেতিয়াও আপুনি এলেহুৱা নোহোৱাকৈ থাকিব পাৰিব৷ সদায় এলেহুৱা ভাব হোৱা আৰু কেতিয়াবা এটা কামত এলাহ লগা যেন অনুভৱ হোৱাৰ পৰা আপোনাক বচাব পাৰে আপোনাৰ নিজৰ ওপৰত থকা নিয়ন্ত্ৰণে৷ এই স্বনিয়ন্ত্ৰণ আপোনাৰ গোটেই জীৱনটোৰ বাবেই প্ৰয়োজনীয়৷ এলাহ লাগিলেও নিজৰ মনটোক নিয়ন্ত্ৰণ কৰি আপুনি নিজকে কাম এটা কৰিবলৈ জোৰ কৰিব পাৰে আৰু সেয়া কৰিব লাগিব৷ এলাহ লাগিলে বুলিয়েই এলাহক আমাৰ জীৱনটো নিয়ন্ত্ৰণ কৰিবলৈ আমি দিব নোৱাৰোঁ৷ গতিকে নিজৰ মনৰ ওপৰত, নিজৰ ভাবৰ ওপৰত আমি নিয়ন্ত্ৰণ ৰাখিম আৰু এলাহ লাগিলেও, প্ৰয়োজন হ’লে জোৰকৈ হ’লেও, কৰিবলগীয়া কামবোৰ আমি কৰি থাকিম৷