চিন্তাত ডুব গৈ থকা মানুহ কেতিয়াও সুখী নাথাকে কাৰণ এনে লোকে কেৱল একেটা কথাকে লৈ চিন্তাই কৰি থাকে।এনে মানুহে উৎসৱেই হওক বা কোনো সুখী মুহুৰ্তই হওক তথাপিও কেৱল দুখৰ গধুৰ বোজা কঢ়িয়াই লৈ ফুৰে।কোনো উৎসৱ,মেলাইও এনে মানুহক সুখী কৰিব নোৱাৰে।এনে লোকে এনেদৰে ভাৱে যেন সমগ্ৰ পৃথিৱীৰ দায়িত্বখিনি তেওঁৰ ওপৰতে আছে।তেওঁলোকে মনোযোগ নিদিলে যেন সকলোবোৰ ধ্বংস হৈ যাব।
কিন্তু এইয়া সত্য নহয়।বহুতবাৰ এনে হয় যেন আপোনাৰ চিন্তাৰ কাৰণেই আপোনাৰ হ'বলগীয়া কামটোও বেয়া হৈ যায়,আৰু নহয়গৈ।পৰিয়ালত যদি যিকোনো এজনে বেছি চিন্তা কৰে,তেন্তে ইয়াৰ প্ৰভাৱ গোটেই পৰিয়ালটোতে পৰে।সমগ্ৰ পৰিয়াল টোতে এনেধৰণৰ শক্তি বিয়পি পৰে যে পৰিয়ালৰ কোনো সুখী হ'ব নোৱাৰে।এনে লোকৰ লাহে লাহে এনেধৰণৰ অভ্যাস হয় যে তেওঁলোকে সৰু সৰু কথাতে চিন্তা কৰিব ধৰে।আৰু যিসকল লোকে বহুত বেছি চিন্তা কৰে,তেনে লোকৰ সৰু সৰু কথাতে খং উঠা,খিংখিঙীয়া,অশান্তি,উত্তেজনা,ৰাতি দেৰিলৈকে টোপনি নহা আদি বেমাৰে লগ লয়।
এটা কথা শুনিবলৈ বেয়া লাগিলেও সত্য যে আপুনি যিমান ভাৱে তেনেধৰণৰ কোনো চিন্তা নাথাকেই,যাক লৈ আপুনি ইমান বেছি চিন্তা কৰে।বহুলোকে কয়"তুমি মোৰ জীৱনৰ বিষয়ে কি জানা।"
জীৱন লাগিলে যেনেকোৱাই নহওক,আপুনি যদি আপোনাৰ সমস্যাৰ সমাধান উলিয়াব পৰা নাই তেন্তে আপুনি নিজেই এটা সমস্যা।(if you can't solve the problem,you are the problem.)
এনে কোনো চিন্তা নাই যি চিন্তা কৰিলে আপোনাৰ সুখ প্ৰাপ্তি হ'ব বা আপোনালৈ বা আপোনাৰ ঘৰখনলৈ শান্তি আহিব।
চিন্তা এনেকুৱা এক বিষ,যি আপোনাৰ অহাকালিৰ দিনটোটো সুখৰ নকৰেই তাৰোপৰি আজিৰ সুখৰ দিনটোও বৰ্বাদ কৰি দিব।
বাস্তৱত চিন্তা কি বস্তু?
এনে নহ'লেই হয়,তেনে নহ'লেই হয়,এনেকুৱা কিয় নাই হোৱা,তেনেকুৱা কিয় নাই হোৱা,ইয়াৰ অৰ্থ এইয়ে যে আপুনি চিন্তা নকৰিবলগীয়া কথাবোৰৰে চিন্তা কৰি আছে।এতিয়া যিবিলাক আপোনাৰ নিয়ন্ত্ৰণত নাইয়েই,তেনেধৰণৰ চিন্তা কৰি আপোনাৰ কি লাভ হ'ব।চিন্তাৰ পৰা দূৰত থাকিব বিছাৰিছে যদি এই ৫টা কথা মনত ৰাখিব।( Assamese Fact )
১)কাইলৈ কি হ'ব সেই কথা ভাবি ভাবি আপোনাৰ আজিৰ দিনটো নষ্ট কৰিবলৈ এৰি দিয়ক।কাইলৈ কি হ'ব এইটো কোনেও নাজানে,কিন্তু আজি আৰু এই মুহূৰ্তটোত আপুনি কি কৰিব পাৰে এইয়া আপোনাৰ হাতত আছে।সুখ বা উৎসৱৰ বাবে কোনো এটা দিনলৈ অপেক্ষা কৰি নাথাকিব,আপোনাৰ আজিৰ দিনটোকে উৎসৱ হিচাপে পালন কৰক,আজিটোতেই সুখী থাকিবলৈ শিকক।
২)যিবিলাক কথাই আপোনাৰ মানসিক স্বাস্থ্যৰ ক্ষতি কৰে তেনে কথা পাহৰিবলৈ যত্ন কৰক,কোনো কথাতে বেছি মগজু নলগোৱাকৈ থাকিবলৈ শিকক।বহুত ভৱা চিন্তা কৰিলে,এতিয়া অলপ চিন্তা বিহীন ভাৱে থাকক।দেখিব আপোনাৰ মনৰ পৰা গোটেই বোজায়ে নাইকিয়া হৈ গ'ল।
৩)আপুনি এই চিন্তা একেবাৰেই এৰি দিয়ক যে লোক আৰু পৰিস্থিতি আপোনাৰ মতে চলিব।পৰিস্থিতি আৰু মানুহ কেতিয়াও পৃথিৱীৰ কাৰো মতে নচলে,যেতিয়া এইবিলাকৰ ওপৰত আপোনাৰ নিয়ন্ত্ৰণেই নাই তেন্তে কিয় এই অদৰকাৰী কথা বোৰ ভাবি ভাবি আপুনি নিজেই অশান্তি মাতি আনে।মানুহ আৰু পৰিস্থিতি কিদৰে চলে এইয়া ভাবিবলৈ এৰি দিয়ক,মাথোঁ এই কথা ভাৱক আপুনি কিদৰে সকলো সময়তে সুখী হৈ থাকিব পাৰে।
৪)সকলো কথা বা কামৰ বাবে।নিজকেই দুখ দিবলৈ বাদ দিয়ক।এইটো নাভাৱিব যে সকলোৰে দায়িত্ব আপোনাৰ ওচৰতে আছে।সকলো চিন্তা কেৱল আপুনিয়ে কৰিব লাগে।এটা তিক্ত সত্য জানি লওক যে আপোনাৰ আগতো সকলো থিকেই হৈ আছিল,আপোনাৰ পিছতো সকলো থিকেই হৈ থাকিব।ইয়াত সকলো মানুহেই নিজা ভূমিকা পালন কৰি আছে।গতিকে বেছি গম্ভীৰ কে নলব।কোনোবাই কিবা কৰক বা নকৰক আপুনি তাৰবাবে নিজৰ মনটোক হেঁচা নিদিব।সমস্যা সকলো মানুহৰে সকলো পৰিয়ালৰে থাকে।
সুখী থাকক,সুস্থ থাকক।সকলোবোৰক ভালকৈ ৰখাৰ ঠিকা লৈ থোৱা নাই আপুনি,আপুনি নিজকে সুখী কৰি ৰাখক,ইমান খিনি কৰিলেই যথেষ্ট।
৫)আপুনি আপোনাৰ কথাবোৰ মনৰ ভিতৰতে নাৰাখিব।বহুলোকে নিজৰ মনৰ ভিতৰতে কথাবোৰ সোমোৱাই ৰাখে আৰু তাকে সোঁৱৰাই থাকে।তাৰফলত তেওঁলোকৰ সমস্ত সুখেই নাইকিয়া হৈ যায়।আপুনি এই বেৰখন আঁতৰাবলৈ শিকক আৰু কথাবোৰ খুলি কৈ দিয়ক,এইয়া নাভাবিব যে তেওঁ বেয়া পাব বা সম্পৰ্ক ভাঙি যাব।তেওঁ কি ভাৱিব,আগলৈ কি হ'ব এই সকলোবিলাক যদি আপুনিয়ে ভাৱে তেন্তে বাকীবোৰে কি ভাৱিব।সম্পৰ্ক ধৰি ৰাখিবলৈ বা ভাল হৈ থাকিবলৈ কেৱল আপুনিয়ে দায়বদ্ধ নেকি?তেওঁৰ বাবে যদি আপোনাৰ মনৰ ভিতৰত অশান্তি হৈছে,তেন্তে ভিতৰি ভিতৰি মৰি যোৱাতকৈ টো কথাবোৰ খুলি কৈ দিয়াটোৱে ভাল।মনত ৰাখিব যেতিয়ালৈকে আপুনি কথা নাপাতে তেতিয়ালৈকে কথাৰ সমাধানো নহয়।কথা পতাৰ পৰাই সমস্যাৰ সমাধান হয়।ভয় নাখাব,চিন্তা নকৰিব কিন্তু যি কথা ক'বলৈ আপোনাৰ ভিতৰি ভয় লাগি আছে সেই কথাষাৰকে ক'বলৈ সাহস গোটাওক।সম্পৰ্ক ধৰি ৰখাৰ চেষ্টাত আপুনি নিজকে হেৰুৱাই নেপেলাব।আপোনাৰ ভয়ৰ বাবেই আপোনাৰ আৰু আপোনাৰ আপোন মানুহবোৰৰ জীৱনৰ সুখ ধ্বংস হৈ গৈছে।সঁচাক সঁচা আৰু মিছাক মিছা বুলি ক'লে যদি কোনোবাই বেয়া পাই পাব দিয়া,ভাগি যায় ভাগিব দিয়া।কিন্তু আপুনি আপোনাৰ ভিতৰতে সকলোখিনি দুখ লুকুৱাই থৈ আপোনাৰ জীৱন ধ্বংস হ'বলৈ নিদিব।
জীৱনটো জীয়াই থকাটো বহুত সহজ কিন্তু আমি জিয়াই থাকিবলৈকে পাহৰি গ'লো।যিকোনো দিশৰ পৰাএনে লাগে যেন জীৱনটো জিয়াই আছো,এনেলাগে যেন জীৱনটো যেনেতেনে কটাইছো,মৰা নাই বাবেই জীয়াই আছো।জীৱন চোন এনেও এদিন নহয় এদিন শেষ হ'বই তেন্তে কিয় ইমান গধুৰ বেদনাৰ সৈতে জীয়াব লাগে,জীৱনক নকটাব,ইয়াৰ এটি এটি পল জীবলৈ শিকক।আপোনাৰ সকলোতকৈ বেছি ডাঙৰ দায়িত্ব টো হৈছে যে আপুনি নিজক সুখী ৰাখক,এটা উৎসৱৰ দৰে জিয়াওক,জীৱন বহুত সুন্দৰ।ইয়াক এনেকুৱা অদৰকাৰী চিন্তাত ব্যতিত নকৰিব।