আপুনি নিশ্চয় সৰুৰে পৰা এই কথাষাৰ শুনি আহিছে । চিকিৎসকে এজন ব্যক্তিক সুস্থ হৈ থাকিবলৈ দৈনিক আপেল খাবলৈ পৰামৰ্শ দিয়ে । আপেলত ভিটামিন, পটাছিয়াম, ফছফৰাছ, মেগনেছিয়াম আৰু আইৰণ আদি পুষ্টিকৰ উপাদান প্ৰচুৰ পৰিমাণে পোৱা যায় । যিবোৰে বহু ৰোগ দূৰত ৰখাত সহায় কৰে । স্বাস্থ্যৰ বাবে অতি উপকাৰী হোৱাৰ পিছতো আপুনি জানেনে যে ইয়াক অত্যধিক পৰিমানে খালে লাভৰ পৰিৱৰ্তে আপোনাৰ ক্ষতি কৰিব পাৰে । কিন্তু কেনেকৈ-
এজন ব্যক্তিক সুস্থ কৰি ৰখাত আঁহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । আপেলত প্ৰচুৰ পৰিমাণে আঁহ থাকে । কিন্তু যদি শৰীৰত আঁহৰ পৰিমাণ বৃদ্ধি পায়, তেন্তে ই হজম শক্তিৰ লগত জড়িত বহুতো সমস্যাৰ সৃষ্টি কৰিব পাৰে । অতিৰিক্ত পৰিমাণে আঁহ খালে পেট ফুলা আৰু কোষ্ঠকাঠিন্য হ’ব পাৰে । যদি আপুনি দিনটোত ৭০ গ্ৰামতকৈ অধিক আঁহ সেৱন কৰে, তেন্তে হজমৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ’ব পাৰে ।
🔹মেদবহুলতা(Obesity):
এটা স্বাভাৱিক আপেলত প্ৰায় ২৫ গ্ৰাম কাৰ্বহাইড্ৰেট পোৱা যায় । যদি আপুনি দৈনিক অতিৰিক্তভাৱে আপেল সেৱন কৰে, তেন্তে আপুনি মেদবহুলতাৰ বলি হ’ব পাৰে । এটা আপেল নিয়মিতভাৱে সেৱন কৰিলেই সুস্থ হৈ থাকিবলৈ যথেষ্ট ।
🔹তেজৰ চেনিৰ ভাৰসাম্যহীন(Imbalanced blood sugar):
আপেলত চেনি আৰু কাৰ্বহাইড্ৰেট পৰ্যাপ্ত পৰিমাণে পোৱা যায় । আপেল অত্যধিক সেৱন কৰিলে তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পাব পাৰে ।
🔹দাঁতৰ ক্ষতি হ’ব পাৰে(Damage to teeth):
আপেল বেছিকৈ খালে দাঁতৰ ক্ষতিও হ’ব পাৰে । আপেলত এচিড থাকে, গতিকে ইয়াক অত্যধিক সেৱন কৰিলে দাঁতৰ ক্ষতি হ’ব পাৰে ।
🔹এলাৰ্জী(Allergies):
যিসকল লোকৰ ফল-মূল খোৱাৰ প্ৰতি এলাৰ্জী থাকে, এনে লোকে যদি আপেল বেছিকৈ সেৱন কৰে, তেন্তে ইয়াৰ বাবে তেওঁলোকে এলাৰ্জীত ভুগিবলগীয়া হ’ব পাৰে । এলাৰ্জীৰ সমস্যাত আপেল সেৱন কৰিলে পেটৰ বিষ, বমি, বমি, ক্ৰেম্প আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে ।