" এলাগী (গল্প)

এলাগী (গল্প)

Raju
0

 #এলাগী


লিখনি - Swapnali Chum Bhuyan



হায়াৰ ছেকেণ্ডাৰীৰ ফলাফল ওলোৱাৰ পাছতেই মোমায়েকৰ ঘৰত থাকি ডাঙৰ হোৱা মৰমীক গাঁৱৰ মানুহক ভাত এসাঁজ খুৱাই উলিয়াই দিছিল এইখন ঘৰলৈ। তাইৰ জন্মৰ পাছতেই দেউতাক ঢুকাইছিল।মোমায়েকে মাক আৰু তাইক লৈ আহিছিল নিজৰ ঘৰলৈ। প্ৰথমে ঠিকেই আছিল যদিও মোমায়েকৰ বিয়াৰ পাছত মামীয়েকৰ নানা ধৰণৰ কটু কথা,তুচ্ছ তাচ্ছিল্যৰ মাজত তাই ডাঙৰ হৈছিল।আশ্ৰয় কণ হেৰুওৱাৰ ভয়ত নীৰৱে সকলো সহ্য কৰি গৈছিল মাক জীয়েক দুয়োৱে।
এইখন ঘৰৰ তাই সৰু বোৱাৰী।ডাঙৰ বোৱাৰী চাকৰিয়াল।বিয়া হৈ অহা দিন ধৰি তাই ঘৰ খনৰ অঘোষিত বন কৰা মহিলা।স্বামী,শহুৰ শাহুৱেকৰ পৰা আৰম্ভ কৰি,বৰজনা বৌৱেক,ভতিজাক সকলোৰে আপডাল কৰে তাই।তাৰ মাজতো চাকৰিয়াল জাকৰ ঠাট্টা মস্কৰাবোৰো তাই সহ্য কৰিব লগা হয়।শাহুৱেক ডাঙৰ বোৱাৰীৰ সমৰ্থক। দামী দামী উপহাৰ,মাজে মাজে গাড়ীৰে চহৰৰ হোটেলত এসাঁজ খুৱাই অনা বোৱাৰীয়েকৰ প্ৰশংসাত গদ গদ হৈ থকা শাহুৱেকৰ তাইৰ বাবে ভাল মাত এষাৰ শুনাৰো সৌভাগ্য নহয়।মাজে মাজে মাকলৈ বহুত মনত পৰে তাইৰ।মামীয়েকে আগতে কিবা ক'লে বুজাবলৈ তাই আছিল।এতিয়া ছাগৈ মাকে অকলেই চকুলো টুকে।পঢ়ি শুনি কিবা এটা কৰাৰ আশা আছিল তাইৰ।যাতে মাকক অলপ সুখত ৰাখিব পাৰে। কিন্তু বিয়াৰ কাৰণে মাকেও জোৰ কৰিছিল তাইক।মাকৰ যদি কিবাএটা হয় তাইক কোনে চাব!
মাজে মাজে মৰমীয়ে গিৰীয়েকক কয় তাইৰ পঢ়িবলৈ ইচ্ছা থকাৰ কথা।গিৰীয়েকে ঘৰত ক'বলৈ সাহস কৰিব নোৱাৰে। বিয়াৰ আগতেই মাকে প্ৰায়ে কোৱা তেওঁ শুনিছে,
"ডাঙৰ জনীয়ে চাকৰিৰ বাবে ঘৰত সময় দিব নোৱাৰে।গতিকে ঘৰ ধৰা ছোৱালী এজনীহে লাগে। পঢ়া শুনানো কি?তোৰো চলিব পৰাকৈ দোকান খন আছেই।আৰু এই সম্পত্তি বোৰতো তহঁতৰেই।"
মাহেকে পষেকে মাকৰ ঘৰলৈ যোৱা বৌৱেকক দেখিলে তাইৰো মন যায় এবাৰ মাকৰ ওচৰলৈ যাবলৈ।কিন্তু শাহুৱেকৰ আপত্তি,ঘৰৰ কাম কোনে কৰিব!বুকুত কাকো ক'ব নোৱাৰা দুখ এটা লৈ তাই যন্ত্ৰৰ দৰে চলি থাকে।
গা ধুৱা ঘৰৰ পৰা অহা মৰণ কাতৰ চিঞৰটো শুনি মৰমী দৌৰি গ'ল।কোনোমতে দৰ্জা খন খুলি তাই দেখে শাহুৱেক গা ধুৱা ঘৰৰ মজিয়াত পৰি আছে।গিৰীয়েকক মতাই আনি দুয়োজনে লৰা লৰিকৈ চহৰৰ নাৰ্চিং হ'ম খনলৈ লৈ গ'ল। শাহুৱেকৰ হাত এখন ভাগিছে আৰু ককালতো আঘাত পাইছে।
"মা অফিচৰ কামত এসপ্তাহলৈ বাহিৰলৈ যাব লাগিব।আপোনাক এইটো অৱস্থাৰে এৰি যাওঁ কেনেকৈ। নগ'লেও চাকৰি হেৰুওৱাৰ ভয় আছে। ওপৰৰ নিৰ্দেশ।কিন্তু আপোনাতকৈ মোৰ চাকৰিটো ডাঙৰ নহয়।আপুনিয়েই কওক কি কৰোঁ মা!"
"মৰমী আছে নহয় মোক চোৱা চিতা কৰিবলৈ তুমি যোৱা। এনেয়েও সেই জনীৰ কামনো কি আছে।তুমি যোৱা,অফিচৰ কামবোৰ কৰি আহা ।"
মৰমীৰ কাম আৰু বাঢ়িছে।শাহুৱেকক খুৱাই দিয়া,বাহিৰ ভিতৰ কৰোৱা সকলো কাম দিনৰ ভাগত তাইয়ে কৰিব লগা হৈছে।ৰাতিলৈ গিৰীয়েকে তাইক সহায় কৰি দিয়ে যেনিবা। লাহে লাহে শাহুৱেকে নিজেই উঠা বহা কৰিব পৰা হৈছে।ইতিমধ্যে ডাঙৰ বোৱাৰীও ঘৰলৈ আহিছে।
বাৰাণ্ডাত বহি থকা আইতাকৰ ওচৰলৈ ডাঙৰ বোৱাৰীৰ সাত বছৰীয়া ল'ৰাটো দৌৰি আহিল।হাতত মাকৰ ম'বাইল ফ'নটো।
"চোৱা আইতা,আমি যে কিমান ফুৰিলো। এইয়া চোৱা বৰফ,ইমান ধুনীয়া পাহাৰ। পাহাৰৰ ওপৰেদিও গাড়ী চলে আইতা।মোৰ যে কিমান ভয় লাগিছিল।আৰু আইতা মায়ে গোটেই ৰাস্তাটো ভয়তে কৃষ্ণ কৃষ্ণ কৰি আছিল।"
শাহুৱেকে ঠিকেই দেখিছে ধুনীয়া ধুনীয়া ফটো বোৰ।ডাঙৰ বোৱাৰীৰ ৰঙা,নীলা ফ্ৰক পিন্ধি বিভিন্ন ভংগিমাত উঠা ফটো।কোনোবাখনত বোৱাৰীৰ মাকো লগত আছে।
ইমান দিনে এলাগী হৈ থকা মৰমীক শাহুৱেকে ওচৰলৈ মাতিলে।
"তুমিওটো বহুত দিন মাৰাৰ ওচৰলৈ যোৱা নাই।কেইদিন মান থাকি আহাগৈ যোৱা।মাৰাৰ মনটো ভাল লাগিব।"
"কিন্তু মা,আপোনাৰ সম্পূৰ্ণকৈ ভাল নোহোৱাকৈ...
মৰমীৰ মাতত সঁচা আন্তৰিকতা দেখি শাহুৱেকে চকুলো ধৰি ৰাখিব নোৱাৰিলে।
"যোৱা মাজনী।যদি বেছি দিন থাকিব নোৱাৰা বিয়নীকে লৈ আহিবা।অ' শুনা,আহোতে তোমাৰ পঢ়াৰ কাগজ পত্ৰ বোৰো লৈ আহিবা। ওচৰৰ কলেজ খনতে এডমিশ্যন লৈ ল'বা।"

Post a Comment

0Comments
Post a Comment (0)