ধনীয়া বনৌষধি হিচাপে খেতি কৰা প্ৰাকৃতিক উদ্ভিদ, ইয়াৰ পাত আৰু গুটি আমাৰ পাকঘৰত ব্যৱহাৰ কৰা হয়। গোটা ধনীয়া, ধনীয়া গুটি, ধনীয়া গুড়ি আৰু ধনীয়া পাত ৰন্ধা বঢ়াৰ বাবে বহুলভাৱে ব্যৱহাৰ কৰা হয়। ধনীয়া পানী স্বাস্থ্যৰ বাবেও অতি উপযোগী।
ধনীয়াত বেক্টেৰিয়া প্ৰতিৰোধী গুণৰ লগতে বহুতো ভিটামিন আৰু খনিজ পদাৰ্থ আছে,গতিকে ধনীয়া স্বাস্থ্যৰ বাবে উপযোগী। আজি আমি ধনীয়াৰ উপকাৰিতা আৰু ধনীয়া খোৱাৰ অসুবিধাৰ বিষয়ে বিতংভাৱে ক'ম। ধনীয়া সেৱন কৰিলে কি কি উপকাৰ হয় আৰু কি কি অসুবিধা হয় জানো।
ধনীয়াত থকা পুষ্টিকৰ উপাদান
ধনীয়াৰ প্ৰতি ১০০ গ্ৰামত প্ৰচুৰ পৰিমাণে খনিজ পদাৰ্থ আৰু ভিটামিন থাকে।
পটাছিয়াম – ১৪ শতাংশ অৰ্থাৎ ৫২১ মিলিগ্ৰাম
আঁহ – ১১ শতাংশ
কেলচিয়াম – ৬ শতাংশ
আইৰণ – ৯ শতাংশ
ভিটামিন বি ৬ – ৫ শতাংশ আৰু...
ইয়াৰ উপৰিও মেগনেছিয়াম, ভিটামিন চি, ছডিয়াম আদিও পৰ্যাপ্ত পৰিমাণে থাকে।
ধনীয়াৰ প্ৰভাৱ
ধনীয়াৰ শীতল প্ৰভাৱ আছে, গতিকে গ্ৰীষ্মকালত ইয়াক ব্যৱহাৰ কৰিলে অধিক উপকাৰী। পেটৰ সমস্যাৰ বাবেও ধনীয়া ব্যৱহাৰ কৰিব পাৰি। ধনীয়াৰ শীতল প্ৰভাৱৰ বাবে শীতকালত ইয়াক কমকৈ খাব লাগে, ইয়াৰ অত্যধিক সেৱনেও স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে।
ধনীয়া পাতৰ উপকাৰিতা আৰু স্বাস্থ্য উপকাৰ ।
সেউজীয়া ধনীয়া পাতে খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয় বহুতো স্বাস্থ্যজনিত সমস্যাও নিৰাময় কৰে। সেউজীয়া ধনীয়া খালে কি কি উপকাৰ হয় জানো আহক।
পাচনতন্ত্ৰ সুস্থ কৰি ৰখাত ধনীয়াৰ উপকাৰিতা ।।
সেউজীয়া ধনীয়াত আঁহ থাকে। সেইবাবেই ইয়াক সেৱন কৰিলে পাচনতন্ত্ৰৰ স্বাস্থ্য শুদ্ধ হৈ থাকে আৰু পেটৰ কোনো ৰোগ নাথাকে।